নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত এটা নতুন ফোন কিনিব বিচাৰে নেকি? নে এই খ্ৰীষ্টমাছত খ্ৰীষ্টমাছৰ উপহাৰ হিচাপে প্ৰিয়জনক ফোন এটা উপহাৰ দিব বিচাৰে? যদি এনে কোনো পৰিকল্পনা আছে, এই প্ৰতিবেদনটো আপোনাৰ বাবে। যদি আপুনি বাজেটৰ ভিতৰত এটা নতুন স্মাৰ্টফোন (Budget Smartphone) ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে, যদি আপোনাৰ বাজেট ১০,০০০ টকা হয়, আপুনি ইয়াত এটা ভাল স্মাৰ্টফোন পাব পাৰে। (ছবি সংগৃহীত)
চেমছাং গেলাক্সি F02S: ইয়াৰ মূল্য ৯৪৯৯ টকা, চেমচাং গেলাক্সি F02Sত আছে এটা ৬.৫ HD প্লাছ infinity-V ডিচপ্লে আছে, যাৰ এছপেক্ট ৰেছিঅ' ২০.৯। ফোনটোত ৪৫০ চিপছেট কোৱালকম স্নেপড্ৰেগন আছে। ফোনটোত ৩জিবি ৰেম + ৩২ জিবি ষ্ট'ৰেজ আৰু ৪ জিবি ৰেমৰ সৈতে ৬৪জিবি আভ্যন্তৰীণ ষ্টোৰেজ আছে। শক্তিৰ বাবে, চেমচাং গ্যালাক্সি F02S-ত ৫০০০ এমএএইচ বেটাৰী আছে, যি হৈছে ১৫ৱাট চাৰ্জিং ক্ষমতাৰ অধিকাৰী।