ডাকঘৰৰ RD আঁচনি কি? সামগ্ৰিকভাৱে, এই আঁচনিৰ জৰিয়তে, আপুনি অতি কম ধনেৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰিও, আপোনাৰ ধনো সম্পূৰ্ণ সুৰক্ষিত হ'ব। আপুনি ইয়াত মাহে ১০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰে। আপুনি যিমানেই বিনিয়োগ কৰিব বিচাৰে তাৰ কোনো সীমা নাই। ডাকঘৰ আৰডি জমা একাউণ্ট হৈছে উন্নত সুতৰ হাৰৰ সৈতে সৰু কিস্তি জমা কৰাৰ এক চৰকাৰী গেৰাণ্টি আঁচনি।
ডাকঘৰত খোলা আৰডি একাউণ্টটো ৫ বছৰৰ বাবে। তাতকৈ কম সময়ৰ বাবে খোলা নহয়। প্ৰতি তিনিমাহত জমাৰ ওপৰত সুত গণনা কৰা হয় (ছালনা হাৰত)। তাৰ পিছত ইয়াক চক্ৰবৃদ্ধি সুতৰ (compound interest) সৈতে প্ৰতি তিনিমাহৰ শেষত আপোনাৰ একাউণ্টত যোগ দিয়া হয়। ইণ্ডিয়া ডাকঘৰৰ ৱেবছাইটঅনুসৰি, আৰডি আঁচনিখনত বৰ্তমান ৫.৮ শতাংশ সুত আদায় কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি তিনিমাহত ইয়াৰ সকলো সৰু সঞ্চয় আঁচনিত (small saving schemes) প্ৰতি তিনিমাহত সুতৰ হাৰ ঘোষণা কৰে।