এটা ডাঙৰ সিদ্ধান্ত কেন্দ্রীয় চৰকাৰে ল’ব পাৰে৷ প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ লগত এই বিষয়ে আলোচনা কৰা হৈছে বুলি জানিব পৰা গৈছে। দেশৰ কৰ্মচাৰীৰ কাম কৰাৰ বয়সৰ সীমা বৃদ্ধি হ’ব পাৰে প্রতীকী ছবি ৷ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ লগে লগে ইউনিভাৰ্চেল পেঞ্চন চিষ্টেম প্ৰৱৰ্তন কৰিব পৰা যাব বুলি প্ৰধানমন্ত্ৰীৰ বিত্তীয় পৰামৰ্শদাতা সমিতিয়ে জানিবলৈ দিছে। প্ৰতীকী ছবি এই কাৰণতে সন্থাই এটা প্ৰস্তাৱো প্ৰেৰণ কৰিছে প্ৰতিবেদন অনুসৰি শ্ৰমিকসকলৰ পেঞ্চন কমেও ২০০০ টকা হ’ব লাগে। প্ৰতীকী ছবি প্ৰধানমন্ত্ৰীৰ বিত্তীয় পৰামৰ্শদাতা পৰিষদে দেশৰ জ্যেষ্ঠ নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে উন্নত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে। প্ৰতীকী ছবি এই প্ৰতিবেদনৰ ভিত্তিত জানিব পৰা গৈছে যে কৰ্মচাৰী সকলৰ কৰ্ম বয়স বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে। প্ৰতীকী ছবি সামাজিক সুৰক্ষা ব্যৱস্থাৰ ওপৰত হেঁচা কমোৱাৰ বাবে এনে সিদ্ধান্ত ল’ব পাৰি। প্ৰতীকী ছবি প্রতিবেদন অনুসৰি কেন্দ্র আৰু ৰাজ্য চৰকাৰে এই কৌশল প্রস্তুত কৰাৰ বাবে নীতি প্রণয়ন কৰাটো প্রয়োজন৷ প্ৰতীকী ছবি এই নীতিৰ এটা দিশ হ’ল অসংগঠিত ক্ষেত্ৰত আৰু দূৰৈত কৰ্মৰত, শৰণাৰ্থী বা প্ৰবাসীসকলক প্ৰশিক্ষণ প্ৰদান কৰা। প্ৰতীকী ছবি