বিত্তীয় লক্ষ্য প্ৰাপ্ত কৰিবলৈ, সম্পত্তি সৃষ্টি কৰিবলৈ বা ঋণমুক্ত হৈ থাকিবলৈ এটা বস্তু অতি গুৰুত্বপূৰ্ণ হ'ল সঞ্চয় কৰা। সঞ্চয় কেৱল তেতিয়াহে হ'ব যদি আপুনি আপোনাৰ উপাৰ্জনতকৈ কম খৰচ কৰে। আমাৰ বহুতে সঞ্চয় কৰে কিন্তু কেতিয়াবা কিছুমান ভুল কৰে, যি আমাৰ সঞ্চয় প্ৰভাৱিত কৰে। ই বিত্তীয় সংকটৰ সৃষ্টি কৰে। ইয়াত আমি আপোনাক এনেকুৱা কিছুমান ভুলৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিবোৰ আপুনি এৰাই চলিবই লাগে।
প্ৰথমে খৰচ নকৰিব: বিখ্যাত বিনিয়োগকাৰী ৱাৰেন বাফেটে কয় যে প্ৰথমে খৰচ কৰি উঠি বাকী থকা খিনি সঞ্চয় নকৰিব। ইয়াৰ বিপৰীতে প্ৰথমে সঞ্চয় কৰক আৰু পিছত বাকী থকা খিনিহে খৰচ কৰিব। গতিকে প্ৰথমে আপোনাৰ উপাৰ্জনৰ পৰা সঞ্চয় কৰিবলগীয়া ধনখিনি আঁতৰাই লওক। তাৰ পিছত বাকী থকা ধনখিনি খৰচ কৰক। যদি আপুনি প্ৰথমেই খৰচ কৰা আৰম্ভ কৰে তেন্তে আপোনাৰ হাতত একো বাকী নাথাকিবও পাৰে। সেয়েহে, আপুনি প্ৰথমে উপাৰ্জনৰ এটা অংশ সঞ্চয় হিচাপে ৰাখিবই লাগিব।
তালিকা এখন নকৰাকৈ বজাৰ নকৰিব: যেতিয়াই আপুনি বজাৰ কৰিবলৈ যায় তালিকা এখন বনাওক। এইটো কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো এটা হ'ল আপুনি প্ৰয়োজনীয় বস্তুটো কিনিবলৈ নাপাহৰিব আৰু দ্বিতীয়তে, আপুনি অপ্ৰয়োজনীয় কিবা কিনিবলৈ এৰাই চলিব। বজাৰৰ তালিকা এখন তৈয়াৰ কৰোঁতে অতি সাৱধান হ'ব আৰু কেৱল এই মুহূৰ্তত প্ৰয়োজন হোৱা বস্তুহে ক্ৰয় কৰিব।
উপাৰ্জন বৃদ্ধি নকৰাকৈ ব্যয় বৃদ্ধি নকৰিব: সাধাৰণতে সময়ৰ সৈতে মানুহে অধিক খৰচ কৰা আৰম্ভ কৰে, আনকি উপাৰ্জন বৃদ্ধি নহ'লেও খৰচ বাঢ়ি যায়। এইটো আটাইতকৈ ডাঙৰ কাৰণ যাৰ বাবে আমি ক্ৰমান্বয়ে সঞ্চয় কৰিব নোৱাৰা হৈ পৰোঁ। গতিকে আমাৰ উপাৰ্জন বৃদ্ধি নোহোৱালৈকে আপোনাৰ ব্যয় বৃদ্ধি নকৰিব। এনে কৰিলে আপোনাৰ সঞ্চয় প্ৰভাৱিত নহ'ব আৰু ভৱিষ্যতৰ বাবে আপোনাৰ ওচৰত ভাল ধন জমা হ'ব।
বাজেট বনাবলৈ কেতিয়াও নাপাহৰিব: আপুনি আপোনাৰ ঘৰৰ বাবে বাজেট বনাব লাগে। ইয়াত মুঠ উপাৰ্জন আৰু ব্যয়ৰ হিচাপ থাকিব লাগে। বাজেট তৈয়াৰ কৰোঁতে আপুনি সাৱধান হোৱা উচিত আৰু আপোনাৰ ব্যয় ভালদৰে চিনাক্ত কৰা উচিত। একে সময়তে, বাজেট প্ৰস্তুত কৰোঁতে, দেখা উচিত যে ক'ৰবাত আপুনি প্ৰয়োজন নোহোৱা একো খৰচ কৰা নাই আৰু যিটো এতিয়া এৰাই চলিব পাৰি। বাজেট কৰোঁতে আহিবলগীয়া সময়ৰ বাবে আপুনি কিমান সঞ্চয় কৰিব লাগে সেয়াও চোৱা উচিত।