আফগানি মুদ্ৰা ছপোৱা আৰু বিতৰণৰ কাম কৰে দেশখনৰ কেন্দ্ৰীয় বেংক 'দি আফগানিস্তান বেংক'এ। কাবুলত ইয়াৰ মুখ্য কাৰ্যালয় আছে আৰু সমগ্ৰ দেশখনত ইয়াৰ ৪৬টা শাখা আছে। তালিবানে কাবুল দখল কৰাৰ পিছত বেংকটোৰ মুৰব্বীৰ পদটো খালী হৈ আছে। ১৯৯৬ চনত প্ৰথমবাৰ শাসনলৈ অহাৰ সময়ত তালিবানে আফগানি (Afghani) মুদ্ৰাৰ প্ৰচলন অব্যাহত ৰাখিছিল।