প্লাষ্টিক আৰু নহ'ব । দেশত এইবাৰ নিষিদ্ধ হ’বলৈ গৈ আছে প্লাষ্টিক। আজিৰে পৰা এবাৰ ব্যৱহাৰৰ প্লাষ্টিক (Single Use Plastic)ৰ উৎপাদন, আমদানি, মজুতকৰণ, বিতৰণ আনকি বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰা হ’ব। বন্ধ হ’ব এনে প্লাষ্টিকৰ ব্যৱহাৰ। মঙলবাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এই কথা সদৰী কৰিছিল যে অহা মাহৰ পৰা নিষিদ্ধ হ’ব কেইবাটাও সামগ্ৰীৰ ব্যৱহাৰ। মন্ত্ৰালয়ে পোনপটীয়াকৈ উল্লেখ কৰিছে যে কোনো ধৰণৰ এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক বা পলিষ্টাইৰিন সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব। আজিৰে পৰা ইয়াক উৎপাদন, আমদানি বা মজুত কৰিব নোৱাৰিব। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে
প্লাষ্টিক আৰু নহ'ব । দেশত এইবাৰ নিষিদ্ধ হ’বলৈ গৈ আছে প্লাষ্টিক। ১ জুলাইৰ পৰা এবাৰ ব্যৱহাৰৰ প্লাষ্টিক (Single Use Plastic)ৰ উৎপাদন, আমদানি, মজুতকৰণ, বিতৰণ আনকি বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰা হ’ব। সেইদিনাৰ পৰা বন্ধ হ’ব এনে প্লাষ্টিকৰ ব্যৱহাৰ। আজি মঙলবাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এই কথা সদৰী কৰিছে যে অহা মাহৰ পৰা নিষিদ্ধ হ’ব কেইবাটাও সামগ্ৰীৰ ব্যৱহাৰ। মন্ত্ৰালয়ে পোনপটীয়াকৈ উল্লেখ কৰিছে যে কোনো ধৰণৰ এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক বা পলিষ্টাইৰিন সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব। ১ জুলাইৰ পৰা ইয়াক উৎপাদন, আমদানি বা মজুত কৰিব নোৱাৰিব। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে
আজিৰে পৰা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে এনে সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত নজৰ ৰাখিব। এই ক্ষেত্ৰত ৰাজ্যৰ লগতে কেন্দ্ৰৰো ভূমিকা থাকিব। কোনোপধ্যে যাতে এনে সামগ্ৰী তৈয়াৰ নহয় আৰু বনোৱাৰ কেঁচামাল কাৰখানালৈ গৈ নাপায় তাৰ প্ৰতি তীব্ৰ নজৰ ৰাখিব লাগিব। সেই সকলো তথ্য ৰাজ্যই কেন্দ্ৰৰ সন্মুখত দাখিল কৰিব লাগিব।
ছিংগল ইউজ প্লাষ্টিক কি? ইয়াৰ সহজ উত্তৰটো হ’ল প্লাষ্টিকৰ যিবোৰ বস্তু এবাৰ ব্যৱহাৰযোগ্য বিশেষকৈ বটল, খাদ্য পেকিং বাটি, পলিথিনৰ পেকেট, কফি কাপ আদি। নিয়মটো হ’ল এই প্লাষ্টিকৰ বস্তুবোৰ এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নালাগে। কিন্তু বিশ্বজুৰি ব্যৱহৃত প্লাষ্টিকৰ ৯৮%ই একক ব্যৱহাৰযোগ্য প্লাষ্টিক। ২০২১ চনত কৰা এক সমীক্ষাৰ পৰা এনে তথ্য আহিছিল