কিষাণ বিকাশ পত্ৰ হৈছে ভাৰত চৰকাৰৰ এককালীন বিনিয়োগ আঁচনি য'ত নিৰ্ধাৰিত সময়ৰ ভিতৰত আপোনাৰ ধন দুগুণ হয়। কিষাণ বিকাশ পত্ৰ দেশৰ সকলো ডাকঘৰ আৰু ডাঙৰ বেংকত থাকে। ইয়াৰ পৰিপক্কতাৰ ম্যাদ বৰ্তমান ১২৪ মাহ। নিম্নতম বিনিয়োগ হৈছে ১ হাজাৰ টকা। সৰ্বাধিক বিনিয়োগৰ কোনো সীমা নাই। পৰিকল্পনাটো বিশেষ কৃষকসকলৰ বাবে তেওঁলোকৰ ধন দীৰ্ঘদিন ধৰি সঞ্চয় কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।
কোনে বিনিয়োগ কৰিব পাৰে? কিষাণ বিকাশ পত্ৰত (KVP) বিনিয়োগকাৰীৰ বয়স কমেও ১৮ বছৰ হ'ব লাগিব। ইয়াত একক একাউণ্টৰ উপৰিও যুটীয়া একাউণ্টৰ সুবিধাও আছে। আঁচনিখন নাবালকসকলৰ বাবেও উপলব্ধ, যাক অভিভাৱকে চোৱাচিতা কৰিব লাগিব। এই আঁচনিখন হিন্দু অবিভক্ত পৰিয়াল অৰ্থাৎ এইচইউএফ বা এনআৰআইৰ বাহিৰে ট্ৰাষ্টৰ ক্ষেত্ৰতো প্ৰযোজ্য। কিষাণ বিকাশ পত্ৰত বিনিয়োগ কৰিবলৈ ১ াহাজাৰ টকা, ৫ হাজাৰ টকা, ১০ হাজাৰ টকা আৰু ৫০ হাজাৰ টকালৈকে প্ৰমাণপত্ৰ আছে, যাক ক্ৰয় কৰিব পাৰি।
সুতৰ হাৰ বিত্তীয় বৰ্ষ ২১ ৰ প্ৰথম তিনিমাহত কেভিপিৰ সূতৰ হাৰ ৬.৯ শতাংশ নিৰ্ধাৰণ কৰা হৈছে। ইয়াত আপুনি ১২৪ মাহত বিনিয়োগ দুগুণ কৰিব। যদি আপুনি একমুঠ ১ লাখ টকা বিনিয়োগ কৰে, আপুনি ম্যাদপুৰ্তিৰ বাবে ২ লাখ টকা পাব। আঁচনিখনৰ পৰিপক্কতাৰ ম্যাদ ১২৪ মাহ। আঁচনিখন আয়কৰ আইন ৮০চিৰ অধীনত নাহে। গতিকে যি ঘূৰাই আহে সেয়া কৰ আকৰ্ষণ কৰিব। আঁচনিখনে টিডিএছ কৰ্তন নকৰে।