নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত আৰু কৰ্মবিমুখ বুলি অপবাদ থকা অসমীয়া যুৱক-যুৱতীৰ সন্মুখত এতিয়া জয়া বৰগোহাঞি ডেকা আৰু কমলেশ্বৰ ডেকা হৈ পৰিছে আদৰ্শ ৷ মুকলি আকাশৰ তলত নিজ ইচ্ছাৰে খেতি কৰি বীজৰ পৰা গজালি মেলি ফল-ফুলেৰে উপচি পৰা খেতিডৰাই কিদৰে মনক সন্তুষ্টি প্ৰদানৰ লগতে উপাৰ্জনৰো পথ দিব পাৰে, সেই কথা দেখুৱাই দিছে কৃষক দম্পতী দুগৰাকীয়ে ৷
এইবাৰ হালধীয়া ফুলকবি, হালধীয়া বিলাহী আৰু বেঙেনাবুলীয়া বন্ধাকবিৰ খেতিৰে কৃষি ক্ষেত্ৰলৈ নতুন বতৰা কঢ়িয়াই আনিছে বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ কামাৰপাৰা গাঁৱৰ কৃষক দম্পতীটোৱে ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি অসম ৰাজ্যিক শ্ৰেষ্ঠ কৃষক আৰু উত্তৰ-পূবৰ আদৰ্শ কৃষক সন্মান লাভ কৰিবলৈ সক্ষম হোৱা কমলেশ্বৰ ডেকাই ন ন কৃষিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
এইবেলি তেওঁলোকে পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে হালধীয়া ফুলকবি, হালধীয়া বিলাহী আৰু বেঙেনাবুলীয়া বন্ধাকবিৰ খেতি ৷ মেঘালয়ৰ উমিয়ামত থকা কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ পৰা বীজ সংগ্ৰহ কৰি আৰম্ভ কৰা হালধীয়া ফুলকবি, হালধীয়া বিলাহী আৰু বেঙেনাবুলীয়া বন্ধাকবিৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে কৃষক দম্পতিটোলৈ ৷