এটিএম (ATM)ৰ পৰা টকা উলিওৱাৰ বাবে এতিয়া নিৰ্ধাৰণ কৰা হ'ব সৰ্বোচ্চ সীমা । এতিয়াৰ পৰা, ATM ব্যৱহাৰ কৰাৰ আগতে, আপুনি কেইটামান কথা মনত ৰাখিব লাগিব। প্ৰথমতে, আপুনি কিমান বাৰ টকা উলিয়াইছে পাহৰি নাযাব। (photo source collected) সাধাৰণতে গ্ৰাহকসকলে তেওঁলোকৰ নিজা একাউ্ণ্ট থকা বেংকৰ এটিএম (ATM)ৰ পৰা বিনামূলীয়াকৈ পাঁচবাৰ টকা উলিয়াব পাৰে আৰু আন এটা বেংকৰ ATMৰ পৰা তিনিবাৰ বিনামূলীয়াকৈ টকা উলিয়াব পাৰে। কিন্তু এইবাৰ নতুনকৈ এই সীমা নিৰ্ধাৰণ কৰা হৈছে। (photo source collected) ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) যোৱা জুন মাহত গ্ৰাহকসকলক এটিএম (ATM)ৰ পৰা টকা উলিওৱাৰ সীমা অতিক্ৰম কৰিলে অতিৰিক্ত ১ টকা চাৰ্জ ল'বলৈ অনুমতি প্ৰদান কৰিছিল। অৰ্থাৎ ভাৰতীয় কেন্দ্ৰীয় বেংকে ২০ টকাৰ পৰিৱৰ্তে প্ৰতিটো ATM লেনদেনত ২১ টকা কৈ চাৰ্জ (Charge) অনুমোদন জনাইছে। (photo source collected) অৰ্থাথ যদি এজন গ্ৰাহকে এটিএমৰ পৰা টকা উলিওৱাৰ মাহিলী সীমা অতিক্ৰম কৰে, দেশৰ ৰাজ্যিক মালিকানাধীন আৰু ব্যক্তিগত বেঙ্ক (Private Banks)বোৰে ১ জানুৱাৰীৰ পৰা প্ৰতিটো লেনদেনৰ বাবদ ২১ টকা অতিৰিক্ত মাচুল ল'ব পাৰিব। (photo source collected) ইতিমধ্যে এই নিয়মটো বিভিন্ন বেংকে প্ৰযোজ্য কৰা দেখা গৈছে। (photo source collected)