ই-কমাৰ্চ কোম্পানী আমাজন (Amazon India)ৰ বিৰুদ্ধে অনলাইন গাঞ্জা বিক্ৰীৰ অভিযোগ উত্থাপনৰ চিএআইটি CAIT Nationwide Protest)য়ে দেশব্যাপী প্ৰতিবাদ অব্যাহত ৰাখিছে। যোৱা শনিবাৰে মধ্য প্ৰদেশৰ বিন্দ চহৰত গাঞ্জা বিতৰণৰ বাবে আমাজন ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালকৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছিল। এইবাৰ কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ (CAIT) ব্যৱসায়ীসকলে আমাজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে (আমাজন ইণ্ডিয়া | (CAIT) (Amazon India CAIT Nationwide Protest)।
সমগ্ৰ দেশতে বুধবাৰ, ২৪ নৱেম্বৰৰ পৰা ই-কমাৰ্চ (Amazon India) কোম্পানী আমাজনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে (Amazon India | CAIT Nationwide Protest)। আমাজনৰ বিৰুদ্ধে বোমা তৈয়াৰ কৰা ৰাসায়নিক পদাৰ্থ আৰু গাঞ্জা অনলাইনত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। পুলৱামা আক্ৰমণত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আমাজনৰ জৰিয়তে কিনা হৈছিল বুলি অভিযোগ কৰা হৈছে।