আইডিবিআই বেংক- এই বেংকটোৱে আপোনাক ২৫ হাজাৰ টকাৰ ওপৰত আৰু ৫ লাখ টকাতকৈ কম পাৰ্ছনেল লোন দিব পাৰে। ঋণৰ কাৰ্যকাল হ’ব ১২-৬০ মাহ। ৮.৯০-১৪.০০ শতাংশ পৰ্যন্ত সুত দিব লাগিব। পঞ্জাৱ নেচনেল বেংক- ইয়াত ১০ লাখ টকা পৰ্যন্ত পাৰ্ছনেল লোন লাভ কৰিব পাৰিব। ইয়াৰ সময়সীমা হ’ব ৬০ মাহ। ৯.৩৫ শতাংশৰ পৰা ১৫.৩৫ শতাংশ সুত দিব লাগিব। ইণ্ডিয়ান বেংক- ইয়াত আপুনি ৫০ হাজাৰৰ পৰা ৫ লাখ টকাৰ ব্যক্তিগত ঋণ লাভ কৰিব পাৰিব। ঋণ পৰিশোধৰ সময় ১২-৩৬ মাহ হ’ব। ইয়াত আপুনি ৯.৪০ৰ পৰা ৯.৯০ শতাংশলৈকে সুত দিব লাগিব। Karur Vysya Bank- ইয়াত আপুনি পাব ১০ লাখ টকা পৰ্যন্ত ঋণ। ইয়াৰ সময়সীমা ১২-৬০ মাহ হ’ব। ইয়াত আপোনাৰ সুতৰ হাৰ ৯.৪০ৰ পৰা ১৯.০০ শতাংশ হ’ব। ভাৰতীয় ষ্টেট বেংক- আপুনি ২৫ হাজাৰৰ পৰা ২০ লাখ টকালৈ পাৰ্ছনেল লোন লাভ কৰিব পাৰিব। ইয়াৰ সময়সীমা হ’ব ৬-৭২ মাহ। ইয়াত আপোনাৰ সুতৰ হাৰ ৯.৮০ৰ পৰা ১২.৮০ শতাংশ হ’ব পাৰে।