২৯ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি পাইছে মহিন্দ্ৰ থাৰৰ মূল্য। ইয়াৰ পেট্ৰ’ল ভেৰিয়েন্টৰ নতুন মূল্য ১৩.৫৯ লাখৰ পৰা ১৫.৮২ লাখ টকালৈ। একে সময়তে ইয়াৰ ডিজেল ভেৰিয়েন্টৰ মূল্য ১৩.৯৬ লাখ টকাৰ পৰা ২৪.৯৫ লাখ টকালৈ। সকলো দাম এক্স-শ্ব’ৰুম। ২০২২ চনত তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰা হৈছে এছ ইউ ভিখনৰ দাম। ইয়াৰ পূৰ্বে জানুৱাৰী আৰু এপ্ৰিল মাহত নতুন মূল্য ঘোষণা কৰা হৈছিল। ভাৰতত পেট্ৰ’ল আৰু ডিজেল দুয়োটা ইঞ্জিনৰে থাৰ বিক্ৰী কৰা হয়। থাৰ ইঞ্জিনৰ কথা ক’বলৈ গ’লে ইয়াত আছে ২.০ লিটাৰ mStallion টাৰ্বোচাৰ্জড পেট্ৰ’ল ইঞ্জিন আৰু ২.২ লিটাৰ mHawk ডিজেল ইঞ্জিন। ট্ৰেন্সমিছন বিকল্পত থাকিব 6-স্পীড এম টি আৰু 4X4 ক্ষমতাৰ সৈতে 6-স্পীড এ টি। ইয়াৰ পূৰ্বে ঘৰুৱা অটো নিৰ্মাতা কোম্পানীটোৱে মহিন্দ্ৰা থাৰক নতুন টুইন পিক ল’গ’ৰে আপডেট কৰিছিল। ল’গ’ আপডেটৰ লগতে মহিন্দ্ৰাই ইয়াত কিছু আভ্যন্তৰীণ পৰিৱৰ্তনো কৰিছিল। ইয়াক নতুন ৰঙৰ বিকল্পত আপডেট কৰা হৈছিল। ৰঙৰ আপডেটৰ কথা ক’বলৈ গ’লে মহিন্দ্ৰাই দুটা ৰং ৰকি বেইজ আৰু মিষ্টিক কপাৰ বন্ধ কৰিছে। থাৰ এতিয়া চাৰিটা ৰঙৰ বিকল্পত বিক্ৰী কৰা হৈছে, য’ত আছে নাপোলি ব্লেক, গেলেক্সী গ্ৰে, একুৱা মেৰিন আৰু ৰেড ৰেজ।