আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলীৰ ওপজা দিন। এই দিনটোৰ লগত সংগতি ৰাখি জুবলী ফাউণ্ডেচনে ঘোষণা কৰিছে এখন নতুন আঁচনি। ‘অক্ষণ’ শীৰ্ষক বিশেষ আঁচনি ঘোষণা জুবলী ফাউণ্ডেচনৰ। ইয়াৰ জৰিয়তে কৰা হ'ব দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ চকুৰ বিনামূলীয়া চিকিৎসা। জুবলী ফাউণ্ডেচনে বিগত ৯টা বছৰে অংগদানৰ বাবে কাম কৰি আহিছে। অংগদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি আহিছে জুবলী ফাউণ্ডেচনে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ১০০ গৰাকী লোকৰ কেটেৰেক অস্ত্ৰোপ্ৰচাৰ আৰু কৰ্ণিয়া ট্ৰান্সপ্লানটেশ্যনৰ খৰচ বহন কৰিব জুবলী ফাউণ্ডেচনে। শংকৰদেৱ নেত্ৰালয়ৰ সৈতে স্বাক্ষৰিত হৈছে চুক্তি। প্ৰথম পৰ্যায়ত ৫০ গৰাকী ৰোগীক এই সুবিধা প্ৰদান কৰা হ'ব। ইতিমধ্যে এগৰাকী ৰোগীয়ে "অক্ষণ" আঁচনিৰ জৰিয়তে বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ সক্ষম হৈছে শংকৰদেৱ নেত্ৰালয়ত। শংকৰদেৱ নেত্ৰালয়লৈ অহা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীয়ে এই বিনামূলীয়া সেৱা লাভ কৰিব। এই কাৰ্যত জুবলী ফাউণ্ডেচনক সহায় কৰিবলৈ আৰ্থিক অনুদানো আগবঢ়াব পাৰে ইচ্ছুক লোকে। এই কথা অৱগত কৰে জুবলী ফাউণ্ডেচনৰ CEO প্ৰিয়ংকা বৰাই।