নগাঁৱত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ সৈতে কাঞ্চনজংঘা উপভোগ কৰিবলৈ যোৱা জুবিন গাৰ্গে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। নগাঁও আৱৰ্ত ভৱনত অন্তৰংগ মুহূৰ্তত দেখা গ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু জুবিন গাৰ্গক। নগাঁৱৰ ৰূপহী আৰু হোজাইৰ কাকীৰ দুখন সভাত ভাগ ল’বলৈ অহা তৰুণ গগৈয়ে নগাঁও আৱৰ্ত ভৱনত জিৰণি লোৱাৰ সময়তে সাক্ষাৎ কৰে জুবিন গাৰ্গে। অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কাঞ্চনজংঘা উপভোগ কৰিবলৈ নগাঁৱলৈ গৈছিল জুবিন। বহুদিনৰ বিৰতিৰ পিছত দুয়োগৰাকীক এইদৰে অন্তৰংগ অৱস্থাত দেখা পোৱা গ’ল। কাঞ্চনজংঘাৰ লগতে বিভিন্ন বিষয়ত জুবিনে কথা পাতিলে তৰুণ গগৈৰ সৈতে।