এতিয়া বিৰিয়ানি কিংডমে গ্ৰহণ কৰিছে আন এক চেলেঞ্জ। এইবাৰ হ'ব বুলেট থালি। বুলেট থালি শেষ কৰিব পৰা জনে লাভ কৰিব এখন বুলেট।
|
1/ 6
খাদ্য খোৱাক কেন্দ্ৰ কৰি এটা বিশেষ বাজি। যদি খাব পাৰে তেন্তে ১০,০০০ টকা পুৰস্কাৰ আৰু নোৱাৰিলে আটকধুনীয়া খাদ্যৰ মূল্য আদায়। এই চৰ্ত ৰাখি ৰখা হৈছিল এই বিশেষ বাজি।
2/ 6
গুৱাহাটীৰ চেনট্ৰেল মলত থকা বিৰিয়ানি কিংডমত আছিল এই বিশেষ চেলেঞ্জ। আচৰিতভাৱে বিগত এটা বছৰে কোনেও বাজিটো পূৰণ কৰিব পৰা নাছিল। ফলত ভৰিব লাগিছিল খাদ্যৰ মূল্য।
3/ 6
কিন্তু আজি এগৰাকী যুৱকে আজি বিজয় সাব্যস্ত কৰে সেই বাজিত। ১৪০ কিলো ওজনৰ লোকেও শেষ কৰিব নোৱৰা এই প্ৰকাণ্ড থালিখনৰ খাদ্য খাই শেষ কৰিলে মণিপুৰৰ ১৮ বছৰীয়া এইজন যুৱকে। বিভিন্ন খাদ্যৰে ভৰপূৰ এখন প্ৰকাণ্ড থালি খালী কৰি দিয়া যুৱকজন মণিপুৰৰ ১৮ বছৰীয়া নিকলাচ কিপগেন।
4/ 6
থালিখন সম্পূৰ্ণৰূপে খাই শেষ কৰাৰ বাবে নিৰ্ধাৰণ কৰা সময় আছিল ৪৫ মিনিট। কিন্তু তেওঁ ২৯ মিনিটতে মহাৰাজা থালি খালী কৰি দিয়ে। আৰু ইয়াৰ পিছতে লাভ কৰে ১০ হাজাৰ টকা। দেওবাৰে নিকলাচক প্ৰদান কৰা হয় ১০ হাজাৰ টকাৰ চেক।
5/ 6
মহানগৰীৰ আগশাৰীৰ খাদ্য বিপণী বিৰিয়ানি কিংডমৰ চেলেঞ্জ গ্ৰহণ কৰা নিকলাচ কিপগেনে মহানগৰীৰ ৰয়েল গ্ল'ৱেলত পঢ়ি আছে। তেওঁ এই বিষয়ে কয় যে থালি খাই শেষ কৰি তেওঁ সুখী। খাদ্যৰ প্ৰতি থকা বিশেষ ৰাপৰ বলতে তেওঁ এই অসাধ্য সাধন কৰে।
6/ 6
এতিয়া বিৰিয়ানি কিংডমে গ্ৰহণ কৰিছে আন এক চেলেঞ্জ। এইবাৰ হ'ব বুলেট থালি। বুলেট থালি শেষ কৰিব পৰা জনে লাভ কৰিব এখন বুলেট। অৱশ্যে ইয়াতো চেলেঞ্জ সম্পূৰ্ণ কৰিব নোৱাৰিলে ভৰিব লাগিব থালিৰ মূল্য।