পুহ মাহত শীতৰ প্ৰকোপ আটাইতকৈ বেছি পৰে। শীতকালৰ ঠাণ্ডাত মানুহে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাতো ভুগিবলগা হয়। চৰ্দি, জ্বৰ, কাহ ইত্যাদিৰ মাজেৰে মানুহে শীতকালৰ এই দিনকেইটা পাৰ কৰা দেখা যায়। এই দিনকেইটাত মানুহে জুইৰ তাপ লোৱা পৰিলক্ষিত হয় কিয়নো জাৰৰ দিনত জুইৰ তাপে মানুহক শীতৰ পৰা বহু পৰিমাণে সকাহ দিয়ে।