১৯৩৪ চনৰ ১১ অক্টোবৰত শিৱসাগৰৰ ৰঙাজান চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম এটা টাই আহোম পৰিয়ালত হৈছিল। গগৈৰ দেউতাক ডা০ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰে চিকিত্সক। তৰুণ গগৈৰ মাতৃৰ নাম আছিল উষা গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘৰুৱা নাম আছিল পোনাকণ।
দেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমত উপস্থিত হয় ৰাজীৱ গান্ধীৰ পুত্ৰ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে ৰাহুল গান্ধীৰো বহু স্মৃতি জড়িত হৈ আছিল। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ সোঁৱৰি আবেগিক হৈ পৰিল ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে তৰুণ গগৈৰ মৃত্যু তেখেতৰ বাবে ব্যক্তিগত ক্ষতি বুলি মন্তব্য কৰে। লগতে নিজৰ এগৰাকী শিক্ষক তথা অভিভাৱত হেৰুৱালো বুলি মন্তব্য কংগ্ৰেছ নেতাগৰাকীয়ে।