ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ৷ তাৰ মাজতে দৰঙত অনুষ্ঠিত হ’ল এখন বিয়া৷ প্ৰলংকৰী বানৰ বাবে ছিপাঝাৰ সমষ্টিৰ কুমাৰপাৰা গাঁৱৰ পৰা দৰা সাজি বগাছলা গাঁৱলৈ কলৰ ভূঁৰত ৰাওনা হ’ল দৰা নুৰ আলম৷ অনুষ্টুপীয়াকৈ বিবাহ কাৰ্য সম্পন্ন হ'ল নুৰ আলম আৰু জুনুৱাৰা বেগমৰ৷ যিদৰে কইনা ঘৰলৈ দৰা গৈছিল, সেইদৰেই কলৰ ভূঁৰতে দৰাঘৰলৈ অনা হ’ল কইনাক। দুখন কলৰ ভূঁৰত দৰা আৰু কইনাৰ যাত্ৰা পথৰ সাক্ষী হৈ ৰ’ল বহু লোক৷ কইনাক কলৰ ভূঁৰৰ পৰা আগবঢ়াই নিবলৈ দৰা পক্ষৰ লোকে ভিৰ কৰিলে কুমাৰপাৰা গাঁৱত৷ স্মৃতি ৰোমন্থনৰ বাবে কোনেৱে লৈছে ছেলফি, আন কোনোৱে কৰিছে ভিডিঅ’৷ কলৰ ভূঁৰেৰে যাত্ৰা কৰি বিবাহ কাৰ্য সম্পন্ন কৰিবলগীয়া হোৱাৰ বাবে স্থানীয় লোকৰ ক্ষোভ৷ কিয়নো ২০০৪ চনতে ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ দুৰদুৰিয়াত দিমীলা নদীৰ বাঢ়নী পানীয়ে চিঙি নিছিল মথাউৰি৷ তাৰ পিছতে আজিলৈ কোনো এখন চৰকাৰে মথাউৰিটো পুনৰ নিৰ্মাণ নকৰাত বছৰ বছৰ ধৰি প্ৰায় ১০–১৫খন গাঁৱৰ ৰাইজে যমৰ যাতনাত দিন কটাবলগীয়া হৈছে৷ ৰাইজৰ আবেদন – এইদৰে দৰা-কইনা কলৰ ভূঁৰৰ পৰিৱৰ্তে গাড়ী-মটৰত যাব পৰা ব্যৱস্থা কৰি দিয়ক চৰকাৰে৷ ১৬ বছৰে উন্মুক্ত অৱস্থাত থকা মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰি ৰাইজক যন্ত্ৰণাৰ পৰা মুক্তি দিয়ক জলসম্পদ বিভাগে৷