নগাঁৱৰ জাজৰিত এখন ব্যতিক্ৰমী বিবাহ। পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে নগাঁও জিলাৰ জাজৰি এজন যুৱকে নিজৰ বিবাহত গ্ৰহণ কৰিলে অভিনৱ পদক্ষেপ। হাতীৰ পিঠিত উঠি কইনা ঘৰলৈ আহিল দৰা। নগাঁৱৰ জাজৰিত মনিপুৰটুপত অনুষ্ঠিত হ'ল এই ব্যতিক্ৰমী বিবাহখন। বিয়াখনলৈ দৰা আহিল হাতীৰ পিঠিত উঠি। জাজৰিৰ ছোট মণিপুৰটুপৰ ইয়াচিন শ্বাহ আলম নামৰ এজন যুৱকে দৰা সাজত হাতীত উঠি উপস্থিত হ'ল কইনা ঘৰত। পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি আৰু পৰম্পৰা জীয়াই ৰখাৰ চেষ্টাৰ বাবে এই পদক্ষেপ হাতত লোৱাৰ কথা উল্লেখ কৰে দৰা ইয়াচিন শ্বাহ আলমে।