ব্যস্ত জীৱনত দেওবাৰটোৰ এটা বিশেষ মৰ্যাদা থাকে। সকলোৱে এই দিনটো বিশেষভাৱে উদযাপন কৰে। এইক্ষেত্ৰত পিছ নপৰিল আঙুৰলতা ডেকাও (Actress Angurlata Deka)। অভিনেত্ৰী আঙুৰলতা ডেকা এতিয়া ব্যস্ত ৰাজনীতিক। বিজেপিৰ মহিলা মৰ্চাৰ গুৰুদায়িত্বত আছে তেওঁ। সেয়ে তেওঁৰ বাবে পৰিয়ালক সময় দিয়াটো তেনেই কঠিন হৈ পৰে। কিন্তু আজিৰ দেওবাৰটো আছিল কেৱল তেওঁৰ আৰু পৰিয়ালৰ। ফেচবুকত অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে জানিবলৈ দিয়ে। অভিনেত্ৰীগৰাকীয়ে লিখিছে- আজি দেওবৰীয়া আমাৰ এই বিশেষ যাত্ৰা- প্ৰকৃতিৰ বুকুত সাতোৰঙী ৰামধেনু সদৃশ গোৱালপাৰা অভিমুখী পথেৰে, চিৰসেউজ নান্দনিক সৌন্দৰ্য্যৰ মাজেৰে৷ গোৱালপাৰাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজৰ ৰাস্তাৰে গমনৰ এই সময়বোৰ তেওঁ সন্তান নমামীৰ বাবে বুলি উল্লেখ কৰে। আঙুৰলতাই লিখিছে- আজিৰ এই সেউজীয়া ৰং বোৰ আৰু সোণোৱালী সময়বোৰ কেৱল নমামীৰ বাবে৷ অভিনেত্ৰীগৰাকীয়ে আশা কৰে- এই সময়বোৰে নমামীক জীৱনৰ সত্য আৰু সুন্দৰৰ অনুভৱ কৰিবলৈ প্ৰেৰণা যোগাওক৷ প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত জীৱনৰ হাঁহি-ধেমালিৰ সম্পৰ্কবোৰ নমামীয়ে অনুধাৱন কৰক৷