ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। ডিঙিত গামোচা আঁৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগণন শিক্ষকে চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকৰ এটা দাবী বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ। টেটৰ জৰিয়তে নিজৰ যোগ্যতা প্ৰমাণ কৰি শিক্ষক পদত কাৰ্যনিৰ্বাহ কৰাৰ সাতবছৰৰো অধিক কালৰ পিছত আকৌ এবাৰ নিজৰ যোগ্যতাৰ প্ৰমাণ দিবলৈ নাচোৰবান্দা এইসকল শিক্ষক।
ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। ডিঙিত গামোচা আঁৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগণন শিক্ষকে চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকৰ এটা দাবী বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ। টেটৰ জৰিয়তে নিজৰ যোগ্যতা প্ৰমাণ কৰি শিক্ষক পদত কাৰ্যনিৰ্বাহ কৰাৰ সাতবছৰৰো অধিক কালৰ পিছত আকৌ এবাৰ নিজৰ যোগ্যতাৰ প্ৰমাণ দিবলৈ নাচোৰবান্দা এইসকল শিক্ষক। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে আলোচনা ব্যৰ্থ আৰু শিক্ষক সমাজ গোটৰ সভাপতিৰ পদত্যাগৰ পিছতো মূলতঃ একেটা দাবীত আটায়ে অটল হৈ আছে।
শিক্ষাবিভাগে ইয়াৰ পূৰ্বে জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া ৯হাজাৰ স্থায়ী শিক্ষক পদৰ নিযুক্তিৰ বাবে আগৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলক পুনৰ টেটত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছিল কিন্তু ক্ষুব্ধ শিক্ষকসকলৰ দাবী চৰকাৰে নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা নকৰি দ্বিতীয়বাৰ তেওঁলোকক যোগ্যতাৰ প্ৰমাণ দিবলৈ কোৱাৰ ক’ত যুক্তিযুক্ততা আছে। শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পিছতে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে ডিভাইড এণ্ড ৰুল, প্ৰলোভন আৰু চাপ দি আন্দোলন মষিমূৰ কৰাৰ ষড়যন্ত্ৰ কৰাৰো অভিযোগ কৰিছে।
তেওঁলোকৰ দাবীসমূহ হৈছে, এটা প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ সাতবছৰ চাকৰি কৰাৰ পিছত অন্য কিবা বিভাগত নতুনকৈ পৰীক্ষা দিয়াৰ নিয়ম আছে নে কি? হাইস্কুল টেট পতাৰ আগত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকক (টেট উত্তীৰ্ণ নহয়) অভিজ্ঞতাৰ নম্বৰ বছৰে প্ৰতি ৫০কৈ দিয়াৰ দিহা কৰা হৈছিল। এইক্ষেত্ৰত একমাত্ৰ টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰিৰ অভিজ্ঞতাৰ নম্বৰ কিয় গুৰুত্বহীন? যিসকল শিক্ষকৰ আবেদনৰ উৰ্ধতম সীমা অতিক্ৰম কৰিলে তেওঁলোকে নতুনকৈ টেট অনুষ্ঠিত কৰিলে পৰীক্ষাত বহিব নোৱাৰিব, সেইক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল’ব?
দেশৰ দিল্লী, পশ্চিমবংগকে ধৰি বিৰোধী দলৰ চৰকাৰ থকা ৰাজ্যত ঠিকাভিত্তিক টেট শিক্ষকসকলে ৬০বছৰলৈ চাকৰি কৰি থাকিব পাৰিব বুলি নিশ্চিতি দিছে চৰকাৰে। কেন্দ্ৰত বিজেপিত, অসমত বিজেপি চৰকাৰ, ভিজন ডকুমেণ্টত স্পষ্টকৈ লিখা আছিল চৰকাৰ আহিলে বিজেপিয়ে কৰ্মৰত ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব। এতিয়া ওলোটা খৰ কিয়?