হাজো আৰক্ষী থানাৰ অন্তৰ্গত চৰাবৰীৰ বিলপাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীৰ মৃতদেহ। দীৰ্ঘদিন ধৰি হাজোৰ নতুন চৰাবৰী গাঁওৰ নতুব আলীৰ পুত্র তালেব আলীৰ সৈতে চুবুৰীয়া চৰাবৰী বিলপাৰ গাঁওৰ মেছেৰ আলীৰ জীয়ৰীৰে আছিল প্ৰেমৰ সম্পৰ্ক।