শাক-পাচলিৰ লগতে অন্য সামগ্ৰী সমূহৰ মূল্য কিমান নিৰ্ধাৰণ কৰিছে,তাকে পৰিদৰ্শন কৰিবলৈ বুধবাৰে পুৱাই মহানগৰীৰ চুপাৰ মাৰ্কেটত উপস্থিত হ’ল মন্ত্ৰী ফনীভূষণ চৌধুৰী।বুজ ললে শাক-পচলিকে ধৰি সকলো সামগ্ৰীৰ মূল্য। লুঙীখন পিন্ধিয়েই চুপাৰ মাৰ্কেট পালেহি মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীয়ে খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ অহা ৰাইজৰ সৈতেও মত বিনিময় কৰে। লক ডাউনৰ গইনা লৈ একাংশ ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে শাক-পাঁচলিৰ মূল্য।যাক লৈ ৰাজ্যৰ চাৰিওফালে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সেয়েহে যোগান বিভাগে শাক-পাচলিৰ বিক্ৰীৰ বাবে বুধবাৰৰ পৰা নিৰ্ধাৰণ কৰি দিছে ৮২ টা স্থান।যত পোৱা যাব কম মূল্যতে শাক-পাচলি। এই মহামাৰীৰ সময়ত বিক্ৰেতাসকলক খাদ্য সামগ্ৰী প্ৰকৃত মূল্যত বিক্ৰী কৰিবলৈ আহ্বান জনায়। লগতে সকলো ৰাইজকে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।