পত্ৰখনত লগতে মহোৎসৱত উপস্হিত থাকিবৰ বাবে যাতায়ত আৰু থকা খোৱাৰ খৰচ আয়োজক সমিতিয়ে বহন কৰিব বুলি জনাইছে ৷ উল্লেখ্য যে এই ছবিখন বোকাখাতৰ দুই যুৱক ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাই নিৰ্মাণ কৰিছে আৰু ইয়াত ধৃতিমান কাকতি পৰিচালক, ৰক্তিম হাজৰিকা চিনেমাট‘গ্ৰাফাৰ আৰু সম্পাদক তথা প্ৰৱাল বৰা ছবিখনৰ প্ৰচাৰ আৰু বিতৰণৰ লগত জড়িত ৷