এতিয়াৰ পৰা সোমবাৰৰ পৰা শুকুৰবাৰলৈ কাৰ্ফিউ নথকা সময়ত পথৰ দুয়োকাষে থকা ৰেষ্টুৰেণ্ট খুলিব পাৰিব। মঙলবাৰে কামৰূপ মেট্ৰ’ প্ৰশাসনৰ এক বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ফাইল ফটোঃগুগল অৱশ্যে এই সিদ্ধান্ত অনুসৰি কোনোৱে হোটেল–ৰেষ্টুৰেণ্টত বহি খাব নোৱাৰিব, কেৱল টেক এৱে অৰ্থাৎ পেকিং কৰি লৈ যাব পাৰিব আৰু অনলাইনৰ জৰিয়তে সেৱা আগবঢ়াব পাৰিব। ফাইল ফটোঃগুগল টুইটাৰত কামৰূপ মেট্ৰ’ প্ৰশাসনে কয়, ‘চৰকাৰৰ নিৰ্দেশনা অনুসৰি পৰিষ্কাৰ কৰি দিয়া হৈছে যে, কামৰূপ মেট্ৰ’ জিলাত টেক এৱে আৰু হোম ডেলিভাৰীৰ আধাৰত ৰেষ্টুৰেণ্ট আৰু অতিথি সেৱাসমূহ পথৰ দুয়োকাষে সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলাৰ অনুমতি দিয়া হৈছে।’ উল্লেখ্য যে, ২১দিনৰ লকডাউনৰ পিছত সোমবাৰৰ পৰা গুৱাহাটীত আনলক ১ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বিভিন্ন ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে। ফাইল ফটোঃগুগল চৰকাৰী নিৰ্দেশনা অনুসৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক এদিন এৰি এদিনকৈ পথৰ যিকোনো এটা দিশত খোলা ৰখাৰ অনুমতি দিয়া হৈছিল। অৰ্থাৎ এদিন যদি পথৰ সোঁকাষৰ দোকান–পোহাৰ খোলে, পিছদিনা বাওঁফালৰ দোকান–পোহাৰ খোলা ৰাখিব পাৰিব। শেহতীয়াকৈ ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহক এইক্ষেত্ৰত ৰেহাই দিয়া হৈছে। ফাইল ফটোঃগুগল