বৰ্তমান সময়ৰ জনপ্ৰিয় ৰাজনীতিবিদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কৰ্মব্যস্ততাৰ মাজতে ভোগালী বিহুৰ সময়ত সমূহীয়াভাৱে থলুৱা জলপান খোৱাৰ আমেজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনফালে ভোগালীৰ পৰম্পৰা পালন কৰি মেজি প্ৰজ্বলন কৰি সমাজৰ সৰ্বত্ৰ মংগল কামনাৰে সকলোকে বিহুৰ শুভেচ্ছা জনালে । ইয়াৰোপৰি আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত থাকে টিহুৰ হাৰিভাঙাৰ কলীয়া গোঁসাই মন্দিৰত । দোমাহীৰ দিনাই কলীয়া গোসাঁই মন্দিৰত আশীস ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে শ্ৰী শ্ৰী কলীয়া গোঁসাই মন্দিৰত অনুষ্ঠিত ধৰ্মসভাত অংশ ল'লে সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ঢোল খোল পুষ্পবৃষ্টিৰে আদৰিলে হাৰিভাঙ্গা গাওঁ উন্নয়ন সমিতিয়ে। অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালে সৰ্বানন্দ সোণোৱালে। মাটি আৰু মানুহৰ একাত্ম সম্পৰ্ক থাকিলেহে পৃথিৱী সুন্দৰ হ'ব বুলি উল্লেখ কৰে সোণোৱালে ।