জীৱনৰ দহটা বছৰ দেশৰ বাবে সেৱা আগবঢ়াই শ্বহীদ হ'ল বাক্সাৰ সুমন স্বৰ্গীয়াৰী। আজি সুমনৰ মৃতদেহ নিজ বাসভৱনলৈ অনা অৱস্থাত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। শ্বহীদগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে উপস্থিত হয় সহস্ৰ লোক। মণিপুৰ (Manipur)ত শনিবাৰে অসম ৰাইফলছৰ (Assam Rifles) কনভয়ত হোৱা আক্ৰমণত এজন কৰ্ণেল পদবীৰ বিষয়াৰ পত্নী–পুত্ৰসহ সাতজন লোক নিহত হৈছিল। শ্বহীদ সুমনৰ ঘৰ বাক্সা (Baksa) জিলাৰ থেকেৰাকুচিত। সুমন শেষবাৰৰ বাবে ৮ জুলাইত ঘৰলৈ আহিছিল। কেইবাদিনো ঘৰত থাকি ১৫ জুলাইত কৰ্তব্যলৈ উভতি গৈছিল। মৃত্যুৰ কোলাত ঢলি পৰাৰ মাত্ৰ এঘণ্টা আগত পত্নীক ফোন কৰিছিল শ্বহীদ সুমন স্বৰ্গীয়াৰীয়ে। ডিচেম্বৰত পুত্ৰৰ তৃতীয়টো জন্মদিন আছিল বাবে ঘৰলৈ যোৱাৰ বিষয়ে কৈছিল পত্নীক। কিন্তু সেই আশা নিষ্ঠুৰ উগ্ৰপন্থীৰ গুলীয়ে শেষ কৰি পেলালে। শনিবাৰে পুৱা ১০ বজাত মণিপুৰৰ শ্বেখান-বেহিয়াং আৰক্ষী থানাৰ এলেকাত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱাই তেওঁ। এই ভয়ংকৰ আক্ৰমণত কৰ্ণেল পৰ্যায়ৰ সেনা বিষয়া বিপ্লৱ ত্ৰিপাঠীৰ লগতে তেওঁৰ পত্নী আৰু ৯ বছৰীয়া পুত্ৰও থিতাতে নিহত হয়। ২০১১ চনত সেনাত যোগদান কৰিছিল সুমনে। তেতিয়াৰ পৰা নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছিল দেশৰ বাবে। দুখৰ কথা যে আজি চাৰি বছৰ আগেয়ে ২০০৭ চনত সুমনৰ পিতৃকো উগ্ৰপন্থীয়ে ঘৰত গুলীয়াই হত্যা কৰিছিল। তেওঁ স্থানীয় শান্তি দলৰ সদস্য আছিল। দেউতাকৰ মৃত্যুৰ পিছত সুমনেই পৰিয়ালটোৰ একমাত্ৰ আশা আছিল। উগ্ৰপন্থীৰ নৃশংস আক্ৰমণে সুমনৰ জীৱন কাঢ়ি নিয়াই নহয়, এটা পৰিয়ালৰ আশাকণো আঁজুৰি লৈ গ'ল। ইতিমধ্যে ৰাজ্য চৰকাৰে সুমনৰ পৰিয়াললৈ ৫০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে।