প্ৰতিদিনে বৃদ্ধি পাইছে ইন্ধনৰ দাম। সোমবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম আছিল ১০৪.০৪ টকা। ডিজেল প্ৰতিলিটাৰৰ দাম আছিল ৮৯.৮৫ টকা। আজি পেট্ৰ’লত ৭৩ পইচা আৰু ডিজেলত ৭১ পইচা প্ৰতিলিটাৰত বৃদ্ধি। আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৪.৭৭ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৯০.৫৬ টকা। ২২ মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে বাঢ়িছে পেট্ৰ’ল আৰু ডিজেলৰ দাম। বৃদ্ধি পাইছে চিএনজিৰ দামো। যাৰ ফলত একপ্ৰকাৰ জুৰুলা হৈ পৰিছে সাধাৰণ জনতা। ইন্ধনৰ মূল্যবৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰে এতিয়া আকাংশলংঘী মূল্যবৃদ্ধি। মাছ–মাংসৰ পৰা শাক–পাচলিলৈ সকলোতে বৃদ্ধি পাইছে দাম।