১০৮ বছৰ বয়সত অনন্ত ধামলৈ গতি কৰিলে ‘কলিজা আইতা’ হিচাপে পৰিচিত সুভদ্ৰা দেৱী আইতাই। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত আজি জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰিলে কলিজা আইতাই। প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ অন্যতম আকৰ্ষণ আছিল কলিজা আইতা। কলিজা আইতাৰ মৰমলগা কথাবোৰ, উপদেশবোৰ সকলোৱে ভাল পাইছিল। আইতাৰ বিয়োগত তেওঁক ভালপোৱা প্ৰতিজনেই মৰ্মাহত হৈ পৰিছে। আইতাৰ বিয়োগত ছচিয়েল মিডিয়াতো বিভিন্নজনে শোক প্ৰকাশ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ আবাসী ১০৮ বছৰীয়া আইতাজনীৰ মৃত্যুত দুখ পালো। আইতাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।’ আন এজনে লিখিছে, ‘অসমৰ আটাইৰে মৰমৰ কলিজা আইতাই আজি সকলোকে কন্দুৱাই গুচি গ'ল অনন্ত ধামলৈ। অসমৰ প্ৰতিজন ব্যক্তিৰ মৰম বুটলিবলৈ সক্ষম হোৱা কলিজা আইতাৰ আত্মাই যাতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত ঠাই পাই তাকে কামনা কৰিলোঁ।’ এগৰাকী ব্যৱহাৰকাৰীয়ে ফেচবুক লিখিছে – কলিজাজনী গ'লগৈ। নিদ্ৰাদেৱীৰ কোলাত চিৰনিদ্ৰাত মগন হৈ গ'ল। এনেকৈ কাকো একো নোকোৱাকৈ তুমি যাব নালাগিছিল অ’ আইতা। তোমাৰ মৰমভৰা কথাবোৰ, উপদেশ বোৰ সদায় অনুভৱ কৰিম। তুমি য'তেই আছা শান্তিত থাকাগৈ।