মাত্ৰ এটা ভিডিও আৰু এই ভিডিওৰে লক্ষ লক্ষজনে চিনি পাইছিল মৰমলগা কইনাজনী। সৌ সিদিনা বিবাহপাশত আৱদ্ধ হোৱা ছোৱালীজনীৰ গাৰ পৰা মাহ–হালধীৰ গোন্ধ যোৱাই নাছিল। দীৰ্ঘদিনৰ প্ৰেমিকৰ সৈতে নতুন জীৱনৰ সপোন বুকুত বান্ধি আত্মহাৰা হৈ বিয়াত নচা ছোৱালীজনীয়ে কিয় নিজকে শেষ কৰি দিলে? এতিয়া সকলোৰে মনত হাজাৰটা প্ৰশ্ন!
ডিপ্ৰেছনত ভুগিছিল নে কি মাৰ্চিয়ে? এই চৰম অৱসাদৰ কাৰণ কি আছিল? নাচি–বাগি ভাল পোৱা ছোৱালীজনীয়ে চিনেমাতো অভিনয় কৰাৰ সপোন ৰাখিছিল। প্ৰতিভাশালী ছোৱালীজনীৰ জনপ্ৰিয়তাই ছোৱালীজনীৰ কাৰণে অশান্তি চপাইছিল নে কি? টিকটকত মৃত্যুৰ মাত্ৰ এদিন পূৰ্বে নৃত্য কৰা ভিডিও আপলোড কৰিছিল মাৰ্চিয়ে। মাকক লগ কৰিবলৈ আজি ঘৰলৈ যোৱাৰো কথা আছিল। মনৰ ভিতৰত ধুমুহাজাকৰ কাৰো আভাস দিয়া নাছিল নে কি মাৰ্চিয়ে? মাৰ্চিৰ একাংশ বন্ধুৰ মতে স্বামীয়ে ভাল পোৱা নাছিল মাৰ্চিৰ নৃত্য–গীতৰ প্ৰতি থকা ধাউতি, সন্দেহো কৰিছিল তাইক! স্বামীক কৈফিয়ৎ দি ভাগৰিছিল নে কি মাৰ্চি?
ডিফুৰ কামপুৰীয়া গাঁৱৰ মাৰ্চিয়ে পিতৃকো সৰুতেই হেৰুৱাইছে। ওচৰেৰ প্ৰণৱ বৰাৰ সৈতে মাৰ্চিৰ দীৰ্ঘদিনীয়া প্ৰেম। কৰ্মসূত্ৰে গুৱাহাটীত অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত স্বামীয়ে ছমহীয়া প্ৰশিক্ষণৰ কাৰণে মুম্বাইত আছিল। ভেলেণ্টাইনছ ডে’ৰ দিনা স্বামী প্ৰণৱ বৰাই সন্ধিয়া বাৰম্বাৰ ফোন কৰি আছিল পত্নী মাৰ্চিক ৷ দীৰ্ঘসময় ফোন কৰি থকাৰ পিছতো ফোন ৰিচিভ নকৰাত মাৰ্চি বৰাৰ সৰু দেওৰেক তথা স্বামী প্ৰণৱ বৰাৰ কনিষ্ঠ ভাতৃ অৰূপ বৰাক ফোন কৰি নবৌ মাৰ্চিক ফোন ৰিচিভ কৰিবলৈ দিছিল স্বামী প্ৰণৱে ৷
ইপিনে বিয়লিৰ ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি নিজৰ শোৱনি কোঠাত সোমাই থকা মাৰ্চিক শাহুৱে শুই থকা বুলিয়ে জগোৱা নাছিল ৷ কিন্তু সন্ধিয়ালৈ দুৱাৰ খুলি মাৰ্চি কোঠাৰ পৰা ওলাই নহাত সন্দেহবশতঃ শাহুৱে জোৰকৈ দুৱাৰ ঢকিয়াইছিল ৷ তাৰ পিছতো মাত নিদিয়াত পিছফালৰ খিৰিকীৰ কাষৰ ভেণ্টিলেটৰৰ পৰা মাৰ্চিক কোঠাৰ ভিতৰত ওলমি থকা প্ৰত্যক্ষ কৰে শাহুৱেকে। ছবি অঁকা, কবিতা চৰ্চা, বিহুৱতী আদি বহুগুণৰ অধিকাৰী সম্ভাৱনাপূৰ্ণ মাৰ্চিয়ে কিহৰ তাৰনাত এই পথ বাছি ল’লে সেয়া হয়তো মাৰ্চিৰ বেদনাদগ্ধ বুকুতে ৰৈ যাব!