আজি মৰিগাঁওত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহক সভাৰ মাজতে মন্ত্ৰী পীয়ূষ হাজৰিকাই এক পথ দুৰ্ঘটনা প্ৰত্যক্ষ কৰে। মন্ত্ৰীগৰাকীৰ চকুৰ সন্মুখতে হোৱা দুৰ্ঘটনাৰ পিছত তেওঁ কনভয় ৰখাবলৈ নিৰ্দেশ দিয়ে আৰু নিজে গাড়ীৰ পৰা নামি গৈ দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰে। দুৰ্ঘটনাটো মৰিগাঁও চহৰত সংঘটিত হৈছিল। দুখন বাহনৰ মাজত এই দুৰ্ঘটনা হৈছিল। মন্ত্ৰীগৰাকীয়ে আহত লোকসকলক উদ্ধাৰ কৰি ব্যক্তিগত বাহন আৰু কনভয়ৰ বাহনত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ব্যস্ততাৰ মাজতো দুৰ্ঘটনাত আহত লোকসকলৰ বাবে সময় দিয়া তথা সহায় কৰা মন্ত্ৰীগৰাকীৰ এই মহানুভৱতাৰ শলাগ লয় ৰাইজে।