স্বামীক ওপজা দিনৰ ওলগ জনাই আইমী বৰুৱাই লিখিছে – "চৌপাশে চিৰদিন পোহৰ আৰু ফুলবোৰ ফুলি থাকক..।" মানুহৰ বাবে যি উদ্যম, সাহসেৰে তুমি কাম কৰা তাক লৈ মই গৌৰৱান্বিত। সকলোৰে ভালৰ বাবে যি শুভ ইচ্ছাৰে তুমি সদায় আগবাঢ়া তাৰ প্ৰতি মোৰ বুকুত আছে এখিনি আছুতীয়া শ্ৰদ্ধা। ভালে থাকা, স্নেহ আৰু আদৰেৰে মই সদায় তোমাৰ কাষত...। জন্মদিনৰ অলেখ শুভেচ্ছা যাচিলো।