আজিৰ দিনটোতেই বিয়াত বহাৰ কথা আছিল বিশ্বনাথ চাৰিআলিৰ বৰিগাঁৱৰ দুৰ্লভ শইকীয়াৰ জীয়ৰী দিব্যাশ্ৰী শইকীয়া আৰু মধুপুৰ গাঁৱৰ লক্ষী বৰাৰ পুত্ৰ মানৱ জ্যোতি বৰা৷ দুয়োৰে ১০ বছৰীয়া প্ৰেমৰ সম্পৰ্কটোৱে আজি লাভ কৰাৰ কথা আছিল সামাজিক স্বীকৃতি৷ বহু হেঁপাহেৰে দুয়োৱে অপেক্ষা কৰিছিল আজিৰ দিনটোলৈ৷ কিন্তু আজিৰ দিনটোত ইজনে সিজনৰ হোৱাৰ আশা পূৰ্ণ নহ’ল৷