

আজি বিহুৰ উৰুকা আৰু উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ প্ৰতিজন অসমীয়াই প্ৰস্তুতি চলাইছে ৷ পুৱাৰে পৰা উৰুকাৰ বজাৰত বিৰ দি বাট নোপোৱা পৰিবেশ ৷ কোনোবা আহিছে মাংস ক্ৰয় কৰিবলৈ আন কোনোবা আকৌ আহিছে মাছ ক্ৰয় কৰিবলৈ ৷ ইতিমধ্যে উৰুকাৰ বজাৰ ভৰি পৰিছে নানা তৰহৰ মাছৰে ৷


বজাৰৰ ডাঙৰ মাছটো কিনিবলৈ যেন প্ৰতিযোগিতা চলিছে ৷ বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰত আজি পুৱাৰে পৰাই এটা বিশেষ মাছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ ৩০ কেজি ওজনৰ এই বৰালি মাছটো চাবলৈ আহিছে বহুজন ৷ বজাৰলৈ অহা প্ৰতিজনেই এবাৰ মাছটো চকু ফুৰাইছে ৷ বজাৰৰ ডাঙৰ মাছটো ক্ৰয় কৰাৰ বাবে হেতা ওপৰা লাগিল বহুতৰে মাজত।


কোনো কোনোৱে মাছটো দৰাইছে যদিও বেপাৰীৰ সৈতে দৰ দাম নিমিলাত কিনিব নোৱাৰিলে ৷ অৱশেষত বিশ্বনাথ চাৰিআলিৰ মধুপুৰ গাৱৰ অশোক বৰাই মাছটো ক্ৰয় কৰে ৷ মাছটোৰ প্ৰতি কেজি ১২ টকা দৰত গোটেই মাছটো ক্ৰয় কৰে অশোক বৰাই ৷ উৰুকাৰ নিশা পৰিয়ালৰ সৈতে ভোজভাত খোৱাৰ মানসৰে মাছটো ক্ৰয় কৰা অশোক বৰাই মাছটোৰ কিছু অংশ শুভাকাংক্ষীৰ মাজত বিতৰনো কৰে ৷


এনেদৰেই পুৱাই বজাৰলৈ অহা এটা প্ৰকাণ্ড মাছে বিশ্বনাথ চাৰিআলি দৈনিক বজাৰলৈ অহা প্ৰতিজন লোকৰ দৃষ্টি আকৰ্ষণ কৰিলে ৷ আনহাতে কেৱল বৰালিয়েই নহয় বজাৰ উভৈনদী হৈ পৰিছে চিতল, আৰি , ভকুৱা ৰৌ আদি মাছৰে ৷ ১২ কেজিৰ চিতল আৰু ১৫ কেজি ওজনৰ বাহু মাছ কিনিবলৈও হেতা ওপৰা কৰে গ্ৰাহক সকলে ৷