ভাৰ্চুৱেল ক্লাচ নহয়, কোৰোণাৰ ভয়াৱহতাৰ মাজতে হাতত ‘পেনড্ৰাইভ’ লৈ ব্যতিক্ৰমী ৰূপেৰে জুলি ব্যস্ত পাঠদানত...
"প্ৰথমে মই ভাবিবলৈ টান পাইছিলো যে, এটা পেনড্ৰাইভৰ জৰিয়তে কোভিড19ৰ জটিল পৰিস্থিতিৰ মাজত মই বস্তি অঞ্চলৰ শিশুসকলক পাঠদান কৰাত সফল কিদৰে হম। কিন্তু মোৰ এই পৰীক্ষামূলক পদক্ষেপে আজি সফলতা লাভ কৰিছে ।"


কোৰোণা মহামাৰী আৰম্ভ হোৱাৰ সময়তেই জুলী কাকতি সাজু হৈছিল তেওঁৰ কামক লৈ। নিজৰ দায়িত্বক এগৰাকী ছাত্র আৰু এজন শিক্ষকৰ মাজত খাপ খুৱাব পৰাকৈ সুন্দৰ ভাৱে গঢ় দি লোৱা জুলীয়ে শেহতীয়াকৈ অধিক মনোনিৱেশ কৰিছে ছাত্র-ছাত্ৰীসকলক পাঠদান কৰাৰ কৌশলত। কোভিড19 পৰিস্থিতিৰ সময়ত আটাইতকৈ প্ৰত্যাহ্বানমূলক হৈ পৰিছিল শ্ৰেণীকোঠাত কৰা পাঠদান। এই বছৰটোত সমগ্ৰ বিশ্বতে শিক্ষাৰ ক্ষেত্ৰখনত শিক্ষা পদ্ধতিসমূহ ই-লাৰ্নিং আৰু ডিজিটেল শিক্ষা পদ্ধতিলৈ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে।


এই সংকটপূৰ্ণ পৰিস্থিতিয়ে যেন লগত লৈ আনিলে সম্ভাৱনাৰ ন ন কৌশল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ বস্তি অঞ্চলত জুলী কাকতি নামৰ মহিলাগৰাকীয়ে চলাই অহা ‘chaksu’ নামৰ বিদ্যালয়খনত পাঠদান অব্যাহত ৰখাটো তেওঁ আশা কৰাতকৈ বহু জটিল আছিল। তেওঁৰ বাবে মূল বাধা হৈ পৰিছিল ডিজিটেলাইজেশ্যন আৰু পৰম্পৰাগত শ্ৰেণীকোঠাৰ পাঠদান পদ্ধতিৰ পৰা নিজক সলনি কৰাটো।


বৰ্তমান অধিকাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানত দৈনিক ভাৰ্চুৱেল পাঠদান এক বাধ্যতামূলক নিয়মত পৰিণত হৈছে। আৰু সেইবাবে শিক্ষকসকলে তেওঁলোকৰ পাঠদানৰ বাবে ব্যৱহাৰ কৰিছিল স্কাইপ কল, জুম কল বা অন্যান্য ভাৰ্চুৱেল ক্লাছৰ মাধ্যমসমূহ।


কিন্তু জুলীৰ বাবে এই নতুন পদ্ধতি গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ আছিল । কিন্তু তেওঁ পাঠদান কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালসমূহ আৰ্থিক ভাৱে অতিকৈ দূৰ্বল আছিল যাৰ বাবে এই নতুন ব্যৱস্থাৰ সৈতে একাত্ম হ’বলৈ এটা স্মাৰ্টফোন বা ইণ্টাৰনেটৰ ব্যৱস্থা কৰাটো সম্ভৱ নাছিল।


" মই প্ৰায় এবছৰ পূৰ্বে GMCHৰ বস্তি অঞ্চলত ‘Chaksu’ নামৰ স্কুলখন আৰম্ভ কৰিছিলো। প্ৰথম অৱস্থাত বিদ্যালয়খনত ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল আৰু পিছলৈ এই সংখ্যা বৃদ্ধি পাইছিল। বৰ্তমান বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে প্ৰায় এশ গৰাকী ছাত্ৰ ছাত্ৰী আছে। মই ব্যৱহাৰিক শিক্ষণ পদ্ধতিৰে হাঁহি ধেমালীৰ মাজেৰে পাঠদান কৰাত বিশ্বাস কৰো।", জুলী কাকতিয়ে এনেদৰে কয়।


গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ বিভাগৰ ছাত্ৰী জুলীয়ে দৈনিক চাইকেল চলাই মেডিকেল কলেজৰ পাহাৰলৈ আহে , যত তেওঁ ভাড়ালৈ লোৱা এটা কোঠাত এই বিদ্যালয়খন চলাই আছে। জুলীৰ বিদ্যালয়খনত দৈনিক ৩-৪ ঘন্টাকৈ সন্ধিয়া পৰ্যন্ত পাঠদান কৰা হয়। এই বিদ্যালয়খন এটা গতানুগতিক শ্ৰেণীকোঠাৰ পৰিৱৰ্তে এটা পৰিয়ালৰ দৰে চলি আছে। দৈনিক ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নুবুজা বিষয়সমূহ জুলীৰ কাষলৈ লৈ আনে আৰু তেওঁ হাঁহি ধেমালিৰে নিজস্ব শৈলীৰে বুজাই দিয়ে।


"ইয়াত এখন বিদ্যালয় চলোৱাটো সহজ কথা নহয়। একাংশ মহিলা শ্ৰেণীকোঠালৈ আহি চুকত বহি লুডু খেলি থাকে। ইয়াৰ অধিকাংশ লোকেই সুাৰাপায়ী আৰু শ্ৰেণীকোঠাৰ কাষতে প্ৰায়ে কাজিয়া কৰে। মই তেতিয়া ভয় খাও আৰু এনে পৰিস্থিতিয়ে মোক কাম কৰাত বাধা দিয়ে। এই ঠাইখিনি সুৰক্ষিত নহয়। কিন্তু এবাৰ ভাবক যে, এই ঠাইখিনি কিয় এনে ! কিয় আমি এনে ধৰণৰ মানুহ কেৱল বস্তি অঞ্চলতহে দেখা পাও ! শিক্ষাই একমাত্ৰ উপাই যি ইয়াৰ পৰিৱেশ সলনি কৰিব পাৰিব আৰু মই এই পৰিৱৰ্তন ছাত্র ছাত্ৰীসকলৰ জৰিয়তে আনিবলৈ বিচাৰো। "


এগৰাকী অনাথ ছোৱালী হিচাপে জুলীৰ জীৱন সমস্যাৰে ভাৰাক্ৰান্ত যদিও এই বিদ্যালয়লৈ অহাৰ সময়ত তেওঁ এৰি থৈ আহে সকলো সমস্যা।" এগৰাকী অকলশৰীয়া ছোৱালী হোৱা বাবে মই বিভিন্ন ক্ষেত্ৰত অৱহেলাৰ সন্মুখীন হৈছো। কিন্তু মই মোৰ ছাত্র-ছাত্ৰীসকল অৱহেলিত হোৱাটো নিবিচাৰো। " জুলীয়ে কয়।


যি সময়ত বাকী বিদ্যালয়সমূহে তেঁওলোকৰ শিক্ষণ পদ্ধতি ডিজিটেল প্লেটফৰ্ম তথা ভাৰ্চুৱেল ক্লাচলৈ উন্নিত কৰিলে, জুলীয়ে সেই সময়ত সহায় ললে এটা পুৰণি পদ্ধতিৰ। সেইটো হ’ল এটা পেনড্ৰাইভ। ল’ক ডাউনৰ বাবে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকা সময়খিনিত জুলীয়ে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লেপটপ কেমেৰাৰ জৰিয়তে প্ৰস্তুত কৰিলে ক্লাছৰূম ভিডিঅ’। এই ভিডিঅ’সমূহ তাৰ পিছত ট্ৰেন্সফাৰ কৰিলে এটা পেনড্ৰাইভলৈ । এই পেনড্ৰাইভটো বস্তিৰ মূল ব্যক্তিজনে প্ৰতি দেওবাৰে তেওঁৰ পৰা লৈ যায়। বস্তিৰ মুখিয়ালজনৰ বাসগৃহত থকা টিভিটোত থকা পৰ্টটোত পেনড্ৰাইভটো সংযোগ কৰি বস্তিৰ ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।