জোনবিল মেলা। য’ত অচল হৈ পৰে আধুনিক মুদ্ৰাৰ প্ৰচলন। চলে পৌৰাণিক বিনিময় প্ৰথা। মৰিগাঁৱৰ জোনবিলৰ পাৰত চলি থকা জোনবিলৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনা জোনবিলত দেখা গ’ল সেই পুৰণি পৰম্পৰা। স্তব্ধ হৈ পৰিল টকাৰ প্ৰচলন। এবিধ সামগ্ৰীৰ বিনিময়ত আন এবিধ সামগ্ৰীৰ আদান–প্ৰদান হয় এই জোনবিলত। পাহাৰৰ পৰা নামি অহা মামা–মামীসকলে লৈ আহে বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰী। জোনবিলৰ পাৰত এই সামগ্ৰীসমূহ ভৈয়ামৰ লোকসকলৰ সৈতে আদান–প্ৰদান কৰে। সম্ভৱতঃ বিশ্বৰ ভিতৰতে এইখনেই একমাত্ৰ মেলা য’ত টকাই কাম নকৰে। কাম কৰে সাতামপুৰুষীয়া পৰম্পৰাই। জোনবিলত আদান প্ৰদান হয় বিভিন্ন শাক–পাচলি, আদা–হালধি, মচলা, মাছ, ঔষধি গুণযুক্ত সামগ্ৰী। আধুনিক মুদ্ৰাক একাষৰীয়া কৰি এই জোনবিলত চলে সামগ্ৰীৰ লগতে সম্প্ৰীতিৰ আদান–প্ৰদান। সেয়ে জোনবিল মেলা সদাই আকৰ্ষণৰ কেন্দ্ৰ, একক আৰু অনন্য।