ভাৰতৰ অবিসম্বাদী গায়িকা লতা মংগেশকাৰ (Lata Mangeshkar)ৰ মৃত্যু সংবাদে দেশবাসীক ম্ৰিয়মাণ কৰি তুলিছে। দেশৰ লগতে অসমো লতাজীৰ মৃত্যুত শোকস্তব্ধ। কিয়নো লতা মংগেশকাৰৰ কণ্ঠতো ঠাই পাইছিল অসমীয়া ভাষাৰ কেইটামান চিৰযুগমীয়া গান। ''জোনাকৰে ৰাতি অসমীৰে মাটি''ৰ পৰা আৰম্ভ হোৱা গানৰ পিছৰ পৰাই লতা পৰিচিত হৈছিল অসমীয়াৰ মাজত। আৰু সেই পৰিচয় এক অটুট বান্ধোনৰ দৰে থাকি যায় চিৰকাল। আজি তেওঁৰ মৃত্যুৱে প্ৰতিগৰাকী অসমীয়াকে সোঁৱৰাইছে অসমৰে থকা তেওঁৰ সম্পৰ্কৰ কথা।
লতা মংগেশকাৰৰ মোহনীয় কণ্ঠ শুনি ভূপেন হাজৰিকাই নিজে পৰিচালনা কৰা ''এৰাবাটৰ সুৰ'' নামৰ চলচ্চিত্ৰখনৰ বাবে গান গাবলৈ তেওঁক প্ৰস্তাৱ দিয়ে। ১৯৫৬ চনত এই গৰাকী কোকিল কণ্ঠী গায়িকাই ভূপেন হাজৰিকাৰ ''এৰাবাটৰ সুৰ'' বোলছবিৰ বাবে গীত গায়। এই গীতেই আছিল অসমৰ সৰ্বকালৰ জনপ্ৰিয় গীত 'জোনাকৰে ৰাতি অসমৰে মাটি'। লতাজীৰ কণ্ঠদানে বিপুল জনপ্ৰিয়তা দিয়ে গীতটোক। এৰাবাটৰ সুৰতে তেওঁ গাইছিল আন এটা গীত ''ৰদ পুৱাবৰ বাবে মাটিবানো কাক''।
১৯৯২ চনত ভূপেন হাজৰিকাই মাৰাঠী কন্যা লতাৰ ৰাজ্য মহাৰাষ্ট্ৰ আৰু অসমৰ সাংস্কৃতিক ইতিহাসৰ আলমত এটি গীত ৰচনা কৰে- ''গোদাবৰী নৈৰে পাৰৰে পৰা, অসমী আইলৈ যাচোঁ প্ৰণাম। সেইখন দেশ মোৰ দূৰণিৰ দেশ, তথাপি চিনাকি শুৱনি নাম''। প্ৰাণ ভৰি লতা মংগেশকাৰে গাই এই গান। ইয়াৰ উপৰি লতা মংগেশকাৰে ভূপেন হাজৰিকাৰ বহুকেইটা গানৰ হিন্দী বা বাংলা সংস্কৰণত নিজৰ কণ্ঠ নিগৰাইছে।