আজি ৫২ বছৰ বয়সত ভৰি দিলে ৰাজ্যৰ প্ৰবাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষ্যে মাজ নিশাই মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত ভিৰ কৰিলে হাজাৰ হাজাৰ অনুৰাগীয়ে। লোকনির্মাণ, স্বাস্থ্য, শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনৰ দিনা প্ৰিয় নেতাগৰাকীক শুভকামনাৰে উপচাই পেলোৱাৰ লগতে দীৰ্ঘায়ু কামনা কৰে অনুৰাগী আৰু শুভাকাংক্ষীসকলে। পত্নী, পুত্ৰৰ উপস্থিতিত কেক কাটি জন্মদিন পালন কৰে মন্ত্ৰীগৰাকীয়ে। জন্মদিনৰ দিনা গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্রাংগণত সেৱা লয় মন্ত্ৰীগৰাকীয়ে। আনহাতে দেশৰ বহু কেইজন নেতাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে আদি কৰি পল্লৱ লোচন দাসেও মন্ত্ৰী জনক টুইট যোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।