ভোগালী বিহুৰ প্ৰাকক্ষণত মাছৰ বজাৰত উথপথপ পৰিৱেশ। উৰুকাৰ আগদিনাই ভিৰ লাগিছে মাছ বজাৰত। এয়া হাজোৰ বাগটাৰ দৃশ্য। বজাৰত ওলাইছে সৰু বৰ বহুতো মাছ। উৰুকাৰ দিনা লগে ভাগে এসাজ খাবলৈ আজিৰে পৰা গ্ৰাহকে কিনিব লৈছে মাছ। বজাৰত চাহিদা বৃদ্ধি পাইছে ৰৌ, বৰালি, আৰি, ভকুৱা মাছৰ। উৰুকা বুলিয়েই ডাঙৰ মাছটো কিনাৰ বাবে ওলাই আহিছে গ্ৰাহকসকল। হাজোৰ বাগটাৰ শিমলিতল চকত ওলাইছে প্ৰায় ১৫ কেজি ওজনৰ বৰালি মাছ।