সৰ্থেবাৰীত এগৰাকী মহিলাৰ পৰা হেকাৰে ৭০ হাজাৰ টকা লুটি লৈ যোৱাৰ পিছতে পোহৰলৈ আহিছে এই কথা। বিজু ৰাণী বৰ্মণ নামৰ ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কোৰোণাৰ চিকিৎসাত ব্ৰতী হৈ থকা চিকিৎসক স্বামীলৈ গুগল পে' যোগে প্ৰেৰণ কৰিছিল ৭ হাজাৰ টকা। কিন্তু বেংক একাউণ্টৰ পৰা ১৪ হাজাৰ টকা কাটি লৈ যায় গুগল পে'ই৷