ঐতিহাসিক ভাঙাৰা গোঁহাই থানৰ সমীপত দীপৰ বিলৰ পাৰত উদ্ধোধন কৰা এই বনভোজথলীত চৰাই-চিৰিকতি,মাছ-কাছক ব্যাঘ্যাত নজন্মোৱাৰ বাবে উচ্চস্তৰৰ চাউণ্ড নিষিদ্ধ কৰা হৈছে । আনহাতে বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিশুদ্ধ খোৱাপানী , বাহন ৰখাৰ বাবে পাৰ্কিং ব্যৱস্থা , প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা ব্যৱস্থা কৰা হৈছে । সমান্তৰালভাৱে চাফ চিকুণৰ ব্যৱস্থা কৰা হৈছে । গুৱাহাটীৰ গাতে লাগি থকা এই মনোৰম দীপৰ বিললৈ আহক আপুনিও আৰু লৈ যাওক বনভোজৰ আনন্দ ।