অসমৰ বিচক্ষণ ৰাজনীতিবিদ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই আজি ৫৪ বছৰত ভৰি দিলে । প্ৰিয় ৰাজনৈতিক নেতাগৰাকীৰ জন্মদিনত বহুলোকে আহি নিশা তেওঁৰ বাসভৱনত ভিৰ কৰে আৰু জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ এয়া দ্বিতীয় (Himanta Biswa Sarma Birthday) জন্মদিন। ২০২২ চনৰ ১০ মে'ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। যোৱা ২০ মাহত মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক এক নতুন গতিৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। আজি জন্মদিনৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে মুখ্যমন্ত্ৰীগৰাকীক জনাইছে জন্মদিনৰ শুভেচ্ছা।