অলিম্পিকত ইতিহাস ৰচি জন্মভূমিত উপস্থিত লাভলীনা বৰগোহাঁই (Lovlina Borgohain)। পুৱা ৯.৩০ বজাত ইণ্ডিগো বিমানযোগে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয় লাভলীনা। বিমান বন্দৰত লাভলীনাক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাই। অলিম্পিকত প্ৰথমগৰাকী অসমীয়া হিচাপে পদক জয় কৰি অসমক গোৰৱান্বিত কৰি আজি জন্মভূমিলৈ আহিছে লাভলীনা বৰগোহাঁই।
বিশ্ব জয় কৰি আজি মাতৃভূমিত উপস্থিত হোৱা অসম গৌৰৱ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)য়ে বিমান বন্দৰৰ পৰা পোনে পোনে এখন চাৰ্টাৰ্ড বাছত হোটেল তাজ ভিভাণ্টালৈ ৰাওনা হয় লাভলীনা।
সমগ্ৰ অসম তথা গুৱাহাটীত এতিয়া লাভলীনা জ্বৰত আক্ৰান্ত হৈছে। বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত ঢোল-পেপাঁ-গগণাৰ মাতেৰে আৰু বিহু নামেৰে আদৰণি জনোৱা হয় লাভলীনাক।
বিমান বন্দৰৰ পৰা পোনে পোনে খানাপাৰাৰ হোটেল তাজ ভিভাণ্টালৈ যাব লাভলীনা বৰগোহাঁই। মাজবাটত কোনোধৰণৰ আদৰণি কাৰ্যসূচী ৰখা নাই চৰকাৰে। হোটেল তাজ ভিভাণ্টা (Hotel Taj Vivanta)ত জিৰণি লৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা সভাত অংশ ল'ব লাভলীনাই। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰাৰ লগতে জনাব সম্বৰ্ধনা।