অসমীয়া ছবিজগতৰ অন্যতম তাৰকা ৰবি শৰ্মা। কোৰোণাৰ সংক্ৰমণৰ বাবে হোৱা লকডাউন আৰু সান্ধ্য আদিৰ বাবে প্ৰায় ডেৰ বছৰ বাহিৰলৈ ভালকৈ ওলোৱা নাই অভিনেতা ৰবি শৰ্মা (Ravi Sarma)ই। ঘৰৰ পৰা বাহিৰলৈ নোলোৱা বাবে ছানগ্লাছ পিন্ধাটোও হৈ নুঠে। সেয়ে আজি এই আপডেট দি অভিনেতাজনে লিখিলে, "ঘৰৰ পৰা নোলাওঁতে নোলাওঁতে sunglass পিন্ধিলে কেনেকুৱা লাগে পাহৰিয়েই গৈছিলোঁ।" (Image: FB/Ravi Sarma)
লকডাউনে মানুহক কামৰ পৰা আঁতৰাই ৰাখি বহু সময়ত নষ্টালজিক কৰি তুলিছে। ৰবি শৰ্মাইও এনে এক মুহূৰ্তত পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি জুবিন গাৰ্গ (Zubeen Garg)ৰ সৈতে উঠা এখন ফটো ছেয়াৰ কৰে ছচিয়েল মিডিয়াত। ফটো এখনত দুয়োজনকে ছিৰিয়াছ মুডত দেখাৰ লগতে আন দুখনত প্ৰাণখুলি হাঁহি থকাও দেখা গৈছে। (Image: FB/Ravi Sarma)