ৰোহিত শৰ্মালৈ বিশেষ উপহাৰ আগবঢ়ালে গুৱাহাটীৰ এজন যুৱকে। ৰাবাৰ ষ্টাম্পৰ জৰিয়তে প্ৰতিচ্ছবি তৈয়াৰ কৰি উপহাৰ দিলে ক্ৰিকেটাৰজনক। হোটেল ৰেডিছন ব্লুত নিজ হাতেৰে প্ৰতিচ্ছবিখন উপহাৰ দিলে ৰাহুল পাৰিকে। পূৰ্বেও বহু তাৰকাক নিজ হাতেৰে বনোৱা প্ৰতিচ্ছবি উপহাৰ হিচাপি দিছে ৰাহুল পাৰিকে। ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীকো প্ৰদান কৰিছিল তেওঁৰ প্ৰতিচ্ছবি। গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত ৰোহিত শৰ্মাক সাক্ষাৎ কৰি উপহাৰ আগবঢ়ালে ৰাহুলে। পেলনীয়া সামগ্ৰীৰে ৰাহুলে তৈয়াৰ কৰা ৰোহিত শৰ্মাৰ প্ৰতিচ্ছবি। মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে ৰাহুল পাৰিক। বলীউদৰ অভিনেতা অক্ষয় কুমাৰৰ সৈতে ৰাহুল পাৰিক।