ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত ওলাইছে বিভিন্ন ধৰণৰ মাছ। উৰুকাৰ (Bhogali Bihu Uruka) নিশা লগে ভাগে এসাঁজ খাবলৈ ডাঙৰ মাছটো কিনিবলৈ বজাৰত বাঢ়িছে গ্ৰাহকৰ ভিৰ। চাও আহক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত উপলব্ধ হোৱা কেতবোৰ ডাঙৰ মাছ। মহানগৰীৰ উজান বজাৰতো পুৱাই দেখা গ'ল ডাঙৰ ডাঙৰ মাছ। মাছ কিনিবলৈ বজাৰখনত ভিৰ কৰিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে। উজান বজাৰত ডাঙৰ ডাঙৰ মাছৰ মাজত বিশেষ স্থান পাইছে প্ৰকাণ্ড আঁৰি মাছটোৱে। ২৩ কেজি ওজনৰ ভকুৱা মাছ ওলাইছে মঙ্গলদৈৰ বজাৰত। যোৰহাটৰ কেন্দুগুৰিত ওলাইছে ১৮ কেজি ওজনৰ বৰালি মাছ।