অইন বৰ্ষৰ তুলনাত এইবাৰ বৰষুণ হ্ৰাস পাইছে অসমত । ৰাজ্যবাসীৰ লগতে মহানগৰীৰ সকলোৰে অপেক্ষা এজাক বৰষুণৰ । ক'ৰ এজাক সপোন যেন বৰষুণ... অপেক্ষাৰ অন্ত পৰিব শীঘ্ৰেই ! গুজৰি গুমৰি ধৰালৈ নামি আহিব বৰষুণ। প্ৰখৰ গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে । বে অফ বেংগল সাগৰত উৎপত্তি হোৱা সামান্য ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ সম্ভাৱনা। গতিকে সাজু হ'বৰ হ'ল অপেক্ষাৰ বৰষুণজাকলৈ... ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অসমৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণৰ লগতে ধাৰাষাৰ বৰষুণৰ সম্ভৱনা আছে । ফটো-Google বৰষুণত জীপাল হৈ পৰিব ৰাজ্যৰ ভিন্ন প্ৰান্ত। বাৰিষাৰ দিনবোৰৰ তেনেই আপোন বৰষুণজাকক আদৰিবলৈ সাজু সকলো! ফটো-Google মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ঠাই বিশেষে বৰষুণ অহাৰ সম্ভাৱনা । এই আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।