নাজিৰাৰ মঠিয়াছিগা আদ্য গজলা শ্ৰীশ্ৰীসৌকাজান সত্ৰৰ ডেকা সত্ৰীয়া অমৃত মহন্তই নিৰ্মাণ কৰা গুৰুজনাৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰ খোদিত গুৰু আসনখন প্ৰথমে ২ ডিচেম্বৰৰ পৰা উত্তৰ গুৱাহাটীত অনুষ্ঠিত নামঘৰ সমাৰোহত প্ৰদৰ্শন কৰিব আৰু তাৰ পিছত কাঠত খোদিত বৃন্দাবনী বস্ত্ৰ শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণৰ বাবে অসম চৰকাৰৰ হাতত অৰ্পণ কৰিব৷
কাঠত খোদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসনখনত বুলোৱা হৈছে হেঙুল হাইতালৰ ৰং। আসনখনৰ দীঘ আৰু প্ৰস্থ ১৩ফুট। আসনখনৰ নিৰ্মাণ সম্পূৰ্ণ হোবাৰ পিছৰে পৰা নাজিৰা নমাতিৰ সপ্তগ্ৰাম আধ্যাত্মিক আৰু সাংস্কৃতিক কলাক্ষেত্ৰ সমন্বয় সমিতিয়ে জয়খামদাং বৰনামঘৰত মহাপুৰুষজনাৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰ খোদিত গুৰু আসনখন ২০২১ চনৰ মাৰ্চ মাহৰ পৰা সংৰক্ষণ কৰি ৰাখিছিল আৰু আজি জয়খামদাং নামঘৰ পৰিচালনা সমিতিয়েও মাংগলিক অনুষ্ঠানেৰে আসনখনৰ বিদায় জনায় ৷
গুৰু আসনখন নাজিৰাৰ পৰা গুৱাহাটীলৈ নিয়াৰ সময়ত বৃহত্তৰ নাজিৰা আৰু শিৱসাগৰ জিলাবাসীৰ উদ্যোগত আৰু "আশ্ৰয়"এনজিঅ' নাজিৰাৰ সহযোগত এক আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ নাজিৰাৰ শ্ৰী শ্ৰী আদ্য গজলা সৌকাজান সত্ৰত নিৰ্মিত সুউচ্চ কাঠত খুদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসনখন কিছুদিন পিছৰ পৰা অসমবাসী ৰাইজ, পৰ্যটকে শংকৰদেৱ কলাক্ষেত্ৰত দৰ্শন কৰিব পাৰিব৷