Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
1/ 5


ফেচবুকত বিকৃত পোষ্ট দি জালত পৰিল এজন মেধাৱী ছাত্ৰ। মুখ্যমন্ত্ৰীৰ ফ'টো লগাই ফেচবুকত পোষ্ট দিছিল ছাত্ৰজনে।
2/ 5


গ্ৰেপ্তাৰ হোৱা ছাত্ৰজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীপজ্যোতি গগৈ। শিৱসাগৰৰ পৰা দীপজ্যোতিক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে।
5/ 5


ক্ৰাইম ব্ৰাঞ্চৰ 11/20 নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় দীপজ্যোতিক। য'ত ধাৰা সন্নিবিষ্ট হৈছে 419/420/34 IPC আৰু IT Act 66 Cত। ইফালে শিৱসাগৰৰ ডিমৌত আৰক্ষীৰ গুণ্ডাগিৰিৰ অভিযোগ কৰিছে পৰিয়ালে। নিশা চিনেমাৰ কায়দাৰে ছাত্ৰজনক ঘৰৰ পৰা উঠাই নিয়াৰ অভিযোগ। পৰিয়ালৰ মতে, ৰাজপথৰ পৰা গাড়ীত তুলি নিয়া হ’ল যুৱকজনক। গুপ্তহত্যাৰ আশংকা প্ৰকাশ কৰিছে পৰিয়াল তথা স্থানীয় লোকে। পৰিয়ালৰ প্ৰশ্ন, ৰাজপথৰ পৰা কিয় তুলি নিলে দীপজ্যোতিক? কি গোচৰ ৰুজু হৈছে দীপজ্যোতিৰ বিৰুদ্ধে? শিৱসাগৰ মুখ্য ন্যায়িক আদালতৰ কাষ চাপিছে পৰিয়াল।