

মঙলবাৰে ডিফুত অনুষ্ঠিত এক অনুষ্ঠানত বিৰিয়ানী খাই অসুস্থ হৈ পৰে ডেৰ শতাধিক লোক। খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰে ১৭৭জন লোক। ইয়াৰ ভিতৰত আছে ২২টা শিশু। মৃত্যু হৈছে এজন লোকৰ।


বৰ্তমান বাকীসকলক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে যদিও চাৰিজন এতিয়াও চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে ঘোষণা কৰা হৈছে। ইফালে ঘটনাৰ উচিত আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে জিলা কংগ্ৰেছে। পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী ছুম' ৰংহাঙেও পোষকতা কৰিলে তদন্তৰ।


মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডিফুলৈ আহিছিল৷ উদ্দেশ্য আছিল ডিফু মেডিকেল কলেজত এই বছৰ নামভৰ্তি কৰা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আনুষ্ঠানিক পাঠদান আৰম্ভ কৰাৰ কাৰ্যসূচী৷ দিনটোৰ সকলো কাৰ্যসূচী সুকলমে পাৰ হ’ল৷ কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত পৰা এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ অহা লোকসকলো ঘৰ পালেগৈ৷ কিন্তু সন্ধিয়াৰ পৰা লাগিল অথন্তৰ৷ অনুষ্ঠানত বিৰিয়ানী খাই সন্ধিয়াৰ ভাগলৈ অসুস্থ হৈ পৰে বহু লোক।


জানিব পৰা অনুসৰি, NHM–এ গুৱাহাটীৰ পৰা অনা পেকেট বিৰিয়ানী খাই বহু লোক অসুস্থ হৈ পৰে৷ অৱশ্যে NHMৰ পৰা যোগান ধৰাৰ কথা প্ৰকাশ কৰা নাই DMCH কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে৷ ‘ৰাছা’ নামৰ ৰেস্তোঁৰাখনৰ পৰা এই বিষাক্ত বিৰিয়ানি যোগান ধৰাৰ অভিযোগ উঠিছে।


নিশাই পেকেট বিৰিয়ানী খাই বকলীয়াঘাটৰ মণ্ডল বে' গাঁৱৰ কাংবুৰা বে' (৩৫) নামৰ এজন যুৱকৰ মৃত্যু ঘটিছে৷ কাংবুৰা বে' বিজেপি দলৰ সদ্যনিযুক্ত এগৰাকী পৃষ্ঠাপ্ৰমুখ আছিল৷ আনকি চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্ছ, সাংস্কৃতিক দলৰ শিল্পীৰ পৰা দৰ্শকলৈ যিসকলে কণী থকা বিৰিয়ানী খাইছিল সকলো অসুস্থ হৈ পৰে৷


বুধবাৰে পুৱাই গুৱাহাটীৰ পৰা ৬ জনীয়া এটি চিকিৎসকৰ দল আহি উপস্থিত হয় DMCHত৷ লক্ষ্যণীয় যে নিশা কোনো জনপ্ৰতিনিধিৰ ৰোগীৰ খবৰ ল’বলৈ সময় নহয় যদিও দুই বজালৈ চিকিৎসালয়ত উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত এন চন্দ্ৰধ্বজ সিংহা৷ উপায়ুক্তগৰাকীয়ে গোটেই ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে৷


বৰ্তমান ৰোগীসকলৰ স্বাস্থ্য সুস্থিৰ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে৷ চাৰিজন এতিয়াও চিকিৎসাধীন হৈ আছে। আজি পুৱা ডিফু মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী ছুম' ৰংহাং আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ CEM তুলিৰাম ৰংহাঙে পৰিস্থিতিৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে এই ঘটনাক দুভাৰ্গ্যজনক বুলি মন্তব্য কৰি ঘটনাৰ উচিত তদন্তৰো পোষকতা কৰে৷ আনহাতে জিলা কংগ্ৰেছ কমিটীৰ এটা প্ৰতিনিধি দলেও DMCHত উপস্থিত হৈ এই ঘটনাৰ উচিত আৰু এক নিৰপেক্ষ তদন্তৰ দাবী জনায়৷ একেদৰে কাৰ্বি ছাত্ৰ সন্থায়ো এই ঘটনাৰ তদন্তৰ দাবী জনাইছে৷